Welcome to CZone Assam! Stay tuned for our latest updates, tech services, and announcements.
Showing posts with label Microsoft Office. Show all posts
Showing posts with label Microsoft Office. Show all posts

MS Word (In Assamese) | Full Tutorial | Part 1


এম এচ ওৰ্ড (MS Word)- কেনেকৈ খুলিব? | ইয়াৰ ইউজাৰ ইন্টাৰফেচৰ সৈতে পৰিচয়...

আ

 মি প্ৰায় সকলোৱে এম এচ ওৰ্ডৰ ব্যৱহাৰ জানো। ই আমাৰ দৈনন্দিন কৰ্ম জীৱনৰ অংঙ্গ হৈ পৰিছে। কিন্তু আমি কিছুমানে এতিয়াও এই চফ্টৱেৰটোৰ বিষয়ে জানিবলগীয়া বহুতো কথাই নাজানো। মোৰ এই লিখনিটোত এম এচ ওৰ্ডৰ জনা নজনা বহুতো কথা লিখিছোঁ। লিখনিখিনি সম্পূৰ্ণকৈ পঢ়িব আৰু যদি কিবা ভূলভ্ৰান্তি থাকি গ’ল তেন্তে আপোনোলোকে মোক আঙুলিয়াই দিব। পঢ়ি কেনে পালে অনুগ্ৰহ কৰি মোক কমেন্ট কৰি জনাব।

বি:দ্ৰ: ইয়াত মই এম এচ ওৰ্ডৰ ২০০৭ সংস্কৰণটোৰ বিষয়ে লিখিছোঁ। কাৰণ মোৰ অধ্যয়ণ মতে এতিয়াও অধিকাংশ কম্পিউটাৰ ব্যৱহাৰকাৰীয়ে এই সংস্কৰণটোৱে ব্যৱহাৰ কৰি আছে। এম এচ ওৰ্ডৰ এই সংস্কৰণটো যিকোনো ধৰণৰ কম্পিউটাৰত ইনষ্টল হৈ যায়। উইণ্ডোজ এক্সপি (Windows XP) বা তাৰ ওপৰৰ যিকোনো সংস্কৰণত ই সহজতে পৰিচালিত হয়। যিসকল ব্যক্তিৰ কম্পিউটাৰত উইণ্ডোজ টেন (Windows 10) ইনষ্টল হৈ আছে তেওঁলোকৰ তাত এম এচ ওৰ্ডৰ ২০১৯ সংস্কৰণটোও ইনষ্টল হৈ যাব। এচ ওৰ্ডৰ ২০০৭ সংস্কৰণটো জানি লৈ পিছলৈ তেওঁলোকে সহজতে যিকোনো নতুন সংস্কৰণলৈ নিজকে উন্নয়ণ (Upgrade) কৰি লব পাৰিব।

এম এচ ওৰ্ড  কি ?

ই এটা ওৰ্ড প্ৰছেছিং চফ্টৱেৰ অৰ্থাৎ এই চফ্টৱেৰটোৰ সহায়ত আমি আখৰ, শব্দ, শাৰী আৰু দফাবোৰ এক নিৰ্দিষ্ট প্ৰক্ৰিয়া প্ৰয়োগ কৰি বিভিন্ন ধৰণৰ কাম সম্পাদন কৰিব পাৰো। ইয়াৰ ব্যৱহাৰ কৰি আমি বিভিন্ন ডকুমেণ্ট যেনে চিঠি, দৰখাস্ত, প্ৰশ্নকাকত ইত্যাদি কামবোৰ কৰিব পাৰো। তাৰোপৰি এই চফ্টৱেৰটোত থকা পিক্সাৰ, ক্লিপআৰ্ত, স্বেপ ইত্যাদি সুবিধাবোৰ ব্যৱহাৰ কৰি প’ষ্টাৰ, মেগাজিনৰ পেজবোৰ সুন্দৰকৈ বনাব পাৰি।

এটা কম্পিউটাৰত এম এচ ওৰ্ড  খুলাৰ বিভিন্ন পদ্ধতি:

তলৰ পদ্ধতি কেইটাৰ যিকোনো এটা প্ৰয়োগ কৰি আমি এম এচ ওৰ্ড খুলিব পাৰো।

১) ষ্টাৰ্ট মেনুৰ সহায়ত:

(ক) প্ৰথমতে আমি কম্পিউটাৰত থকা ষ্টাৰ্ট মেনুত ক্লিক কৰিব লাগিব।

(খ) তাৰ পিছত অ’ল প্ৰগ্ৰেমছত ক্লিক কৰিব লাগিব।


(গ) ইয়াত আমি এম এচ অফিচ নামৰ ফল্ডাৰটো বাচনি কৰিব লাগিব।


(ঘ) তাৰ পিছত তাত থকা মাইক্ৰোচফ্ট অফিচ ওৰ্ড ২০০৭ ত ক্লিক কৰিলেই এম এচ ওৰ্ড চফ্টৱেৰটো খুলি যাব।

২) এম এচ ওৰ্ডৰ চৰ্টকাটৰ সহায়ত:

(ক) এইবাৰো আমি প্ৰথমতে কম্পিউটাৰত থকা ষ্টাৰ্ট মেনুত ক্লিক কৰিব লাগিব।

(খ) তাৰ পিছত অ’ল প্ৰগ্ৰেমছত ক্লিক কৰিব লাগিব।

(গ) ইয়াত আমি এম এচ অফিচ নামৰ ফল্ডাৰটো বাচনি কৰিব লাগিব।

(ঘ) তাৰ পিছত তাত থকা মাইক্ৰোচফ্ট অফিচ ওৰ্ড ২০০৭ ত সোঁ ক্লিক কৰিব লাগিব।

(ঙ) এখন মেনু উইণ্ডো খুলিব। তাত থকা চেণ্ড টু ত ক্লিক কৰিব লাগিব।

(চ) তাৰ পিছত ডেক্সটপ (ক্ৰিয়েট চৰ্টকাট) ত ক্লিক কৰিলে কম্পিউটাৰৰ ডেক্সটপত এম এচ ওৰ্ডৰ এটা চৰ্টকাট তৈয়াৰ হৈ যাব। এই চৰ্টকাট আইকনটোত ক্লিক কৰিলেই এম এচ ওৰ্ড অপেন হ’ব।






3) ৰান মেনুৰ সহায়ত:

এম এচ ওৰ্ড খুলাৰ এই পদ্ধতি অতি সহজ। এই পদ্ধতিটোত মাউছৰ ব্যৱহাৰ নহয়। সেইবাবে ইয়াৰ সহায়ত খৰকৈ এই চফ্টৱেৰটো খুলিব পাৰি।

(ক) আমি কীবৰ্ডত থকা উইণ্ডোজ কী আৰু আৰ (R) একেলগে টিপিব লাগিব।


(খ) এখন ৰান মেনু অপেন হ’ব। 


ইয়াত থকা টেক্সটবক্সটোৰ ভিতৰত আমি “winword” বুলি লিখি কীবৰ্ডৰ Enter কী টিপিব লাগিব। ইয়াৰ ঠিক পিছতেই এম এচ ওৰ্ড চফ্টৱেৰটো অপেন হৈ যাব।

এম এচ ওৰ্ড চফ্টৱেৰটোৰ ইউজাৰ ইন্টাৰফেচ:

তলৰ চিত্ৰটোত এম এচ ওৰ্ডৰ ইউজাৰ ইন্টাৰফেচত থকা প্ৰতিটো উপাদান দেখুওৱা হৈছে।


ইয়াত থকা প্ৰতিটো উপাদানৰ বাখ্যা তলত দিয়া হ’ল:

(ক) Office Button: 


এম এচ উইণ্ডোখনৰ ওপৰৰ বাওঁপিনৰ কোণত এই অংশটো দেখা যায়। এই অংশটোত ক্লীক কৰিলে এখন ড্ৰপ ডাউন লিষ্ট উলাই য’ত বহুতো ফাইল মেনেজমেন্ট টুল্চ থাকে যেনে – New, Open, Save, Save As আদি।

(খ) Quick Access Toolbar: 


Office Button ৰ ঠিক সোঁ দিশত এই অংশটো থাকে। ইয়াত সচাৰচৰ তিনিটা কামাণ্ড থাকে ক্ৰমে – Save, Undo আৰু Redo

(গ) Title Bar: 


এই অংশত ওৰ্ড ডকুমেন্টটোৰ নাম দেখিবলৈ পোৱা যায়। সচাৰচৰ ডকুমেন্ট এটাৰ নাম “Document 1” হৈ থাকে। যেতিয়াই আমি ডকুমেন্টটো save কৰো তাৰ ঠিক পিছতেই যি নামেৰে save কৰা হয় সেই নামটো এই অংশত দৃশ্যমান হয়।

(ঘ) Windows Control Button: 


এই অংশটো ওপৰৰ সোঁ কোণত দেখা যায়। ইয়াত তিনিটা কাৰ্য্য অৰ্ন্তনিহিত হৈ থাকে ক্ৰমে – Minimize, Maximize/Restore Down আৰু Close

(ঙ) Ribbon: 


Title Bar ৰ ঠিক তলত এই অংশটো উপস্থাপন কৰা আছে। ইয়াত সকলোবোৰ কামাণ্ড আৰু টুল্চ সন্নিবিষ্ট হৈ আছে যিবোৰৰ সহায়ত আমি ডকুমেন্ট এখন পৰিচালনা কৰো।

(চ) Command Tabs: 


এই অংশত বিভিন্ন ধৰণৰ কামাণ্ড অৰ্থাৎ নিৰ্দেশবোৰ অন্তৰ্নিহিত কৰা থাকে। ইয়াত মুঠ ৭টা Tab আছে ক্ৰমে – Home, Insert, Page Layout, References, Mailings, Review আৰু View

(ছ) Command Sets/Group:  


প্ৰতিটো Command Tab ৰ ভিতৰত Command Sets থাকে। এই Sets বা Group বোৰত নিৰ্দিষ্ট সংখ্যক নিৰ্দেশ সন্নিবিষ্ট কৰা আছে।

(জ) Dialog Box Launcher: 


Command Group বোৰত থকা Command বোৰ বেলেগকৈ এখন Dialog Box ত খুলিবলৈ এই অংশটো ব্যৱহাত কৰা হয়।

(ঝ) Tab Stops/Selector: 


এই অংশৰ সহায়ত আমি লিখা লিখনি বোৰ সংৰেখণ অৰ্থাৎ Alignment কৰিব পাৰো।

(ঞ) Document Area: 


এম এচ ওৰ্ড উইণ্ডোখনৰ বগা ৰঙৰ বৃহৎ অংশটোক Document Area বোলা হয়। ইয়াক আমি Working Window বুলিও কওঁ। এই অংশতে আমি আমাৰ লিখনিবোৰ লিখো।

(ট) Cursor/Insertion: 


এই অংশটো Document Area ত blink হৈ থকা দেখা যায়। এই উলম্ব চিহ্নটো থকা স্থানৰ পৰাহে আমি আমাৰ লিখনিবোৰ লিখিব পাৰো।

(ঠ) Ruler: 


Document Area ৰ ওপৰত আৰু বাঁওপিনে Ruler দ্কিব পোৱা যায়। ওপৰৰ ডালক Horizontal Ruler আৰু বাঁওপিনৰ ডালক Vertical Ruler বোলা হয়। ইয়াৰ সহায়ত আমি ডকুমেন্ট এখনৰ লিখনিবোৰত জোখমাখ ল’ব পাৰো।

(ড) Scrollbar: 


Document Area ৰ সোঁপিনে আৰু তলৰপিনে Scroll Bar দেখা পোৱা যায়। তলৰ ডালক Horizontal Scroll Bar আৰু সোঁপিনৰ ডালক Vertical Scroll Bar বোলা হয। ডকুমেন্ট এখন তল-উপৰ কৰিবলৈ Vertical Scroll Bar ব্যৱহাৰ কৰা হয়। অন্যহাতে ডকুমেন্ট একন বাঁফালে-সোঁফালে নিবলৈ Horizontal Scroll Bar ব্যৱহাৰ কৰা হয়।

(ঢ) Status Bar: 


এম এচ ওৰ্ড উইণ্ডোখনৰ একেবাৰে তলৰ অংশটোক Status Bar বোলা হয়। ইয়াত বহু ধৰণৰ information দেখা পোৱা যায়। যেনে – Page Information, Word Count, Check Proof Errors, Language Selection, Page View Options আৰু Zoom Slider

 

মোৰ আহি থকা লিখনিবোৰত ওপৰত উল্লেখ কৰা এম এচ ওৰ্ডৰ বিভিন্ন অংশবোৰৰ বিষয়ে আৰু বেছি বিতংকৈ আলোচনা কৰিম।

আজিৰ লিখনিটো ইমানতে সামৰিছোঁ।

--- অধিক জানিবলৈ ইয়াত ক্লিক কৰক  ---


ধন্যবাদ,


Microsoft Office: You Should Know


Microsoft Office ৰ বিষয়ে:

আজিকালিৰ দিনত যেতিয়াই আমি কাৰ্য্যালয়ৰ স্বচালনৰ (Office Automation) কথা ভাবো তেতিয়াই আমাৰ মনলৈ Microsoft Office  আহে। আগতে কাৰ্য্যালয় সমূহত সকলো কামেই হাতে লিখা আছিল অৰ্থাৎ কামবোৰ মেনুৱেল আছিল। কিন্তু এতিয়া কাৰ্য্যালয় এটাৰ অধিকাংশ কামেই কম্পিউটাৰৰ মাধ্যমেৰে স্বচালন কৰা হয়। Word, Excel আৰু PowerPoint  অবিহনে কাৰ্য্যালয় এটা অসম্পূৰ্ণ হয় থাকে। স্কুলীয়া আৰু কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক কাৰ্য্যসূচীতও Microsoft Office সন্নিবিষ্ট হৈ থাকে। বজাৰত অনান্য Word Processor উপলব্ধ আছে যদিও বাকীবোৰৰ তুলনাত ইয়াক পৰিচালনা কৰা বহুত সহজ। যদিও এতিয়া লাহে লাহে Cloud Bases Application বোৰৰ ব্যৱহাৰ হ’ব ধৰিছে তথাপিও আমি Microsoft Office ৰ ওপৰত নিৰ্ভৰশীল হৈ আছো।

মাইক্ৰছফ্ট অফিচ হৈছে ডেস্কটপ উৎপাদনশীলতা এপ্লিকেচনৰ এটা চুইট যাক বিশেষভাৱে হ'বলৈ ডিজাইন কৰা হৈছে কাৰ্যালয় বা ব্যৱসায়িক ব্যৱহাৰৰ বাবে ব্যৱহাৰ কৰা হয়। ই মাইক্ৰছফ্ট কৰ্পোৰেচনৰ এটা স্বত্বাধিকাৰী সামগ্ৰী আৰু প্ৰথম আছিল ১৯৯০ চনত মুক্তি লাভ কৰে। মাইক্ৰছফ্ট অফিচ 35 টা বিভিন্ন ভাষাত উপলব্ধ আৰু ইয়াৰ দ্বাৰা সমৰ্থিত উইণ্ডোচ, মেক আৰু বেছিভাগ লিনাক্স ভেৰিয়েণ্ট। ইয়াত মুখ্যতঃ ৱৰ্ড, এক্সেল, পাৱাৰপইণ্ট, প্ৰৱেশাধিকাৰ থাকে, ৱাননোট, আউটলুক আৰু প্ৰকাশক এপ্লিকেচন।


ইয়াত আমি আজি Microsoft Office ৰ বিষয়ে কিছু কথা জানিম।

Microsoft Office হ’ল কিছুমান Software Application ৰ থুপ। ইয়াক সাজি উলিয়াইছে Microsoft Corporation য়ে। ইয়াৰ প্ৰথমটো সংস্কৰণ উলিওৱা হৈছিল 1990 চনত। বৰ্তমান 102 টা ভাষাত উপলব্ধ আছে। Microsoft Office ক C++ প্ৰগ্ৰেমিং language ব্যৱহাৰ কৰি সজা হয়। এই Software ৰ থুপটোত বহুতো লাগতীয়াল Application পোৱা যায়। যেনে- Microsoft Word, Microsoft Excel, Microsoft PowerPoint, Microsoft Access, Microsoft Outlook ইত্যাদি। Windows, MAC আৰু Linux এই সকলোবোৰ অপাৰেটিং ছিচটেমতে Microsoft Office চলাব পাৰি।

 




Microsoft Word:

ই এটা Word Processor চফ্টৱেৰ। ইয়াক Text Editing ৰ কামত ব্যৱহাৰ কৰা হয়। ইয়াৰ সহায়ত সচাৰচৰ letters, brochures, posters, question paper ইত্যাদি তৈয়াৰ কৰা কামত ব্যৱহাৰ কৰা হয়।

Microsoft Excel:
Microsoft Excel সহায়ত আমি তথ্য বিশ্লেষণ (analysis) প্ৰলেখন (documentation) কাম কৰো। ই এটা Spreadsheet প্ৰগ্ৰেম।ইয়াক খৰচপাতিৰ হিচাপ কৰা, বাজেট বনোৱা, চাৰ্ট আৰু গ্ৰাফ বনোৱা ইত্যাদি কামত ব্যৱহাৰ কৰা হয়।

Microsoft PowerPoint:
ই এটা কম্পিউটাৰ প্ৰগ্ৰেম যাৰ সহায়ত আমি খুব ধুনীয়া আৰু প্ৰফেচনেল Slide Show বনাব পাৰো। ইয়াত আমি Text, Graphics আৰু Multi-Media এই সকলোবোৰ সংযোগ কৰি Dynamic  প্ৰেজেণ্টেছন বনাব পাৰো।

Microsoft Access:
ই এটা DBMS (Database Management System) চফ্টৱেৰ। ইয়াত আমি তথ্যবোৰ সংৰক্ষণ কৰি ৰাখিব পাৰো আৰু প্ৰয়োজন অনুসৰি সেই তথ্যবোৰ বিশ্লেষণ কৰিব পাৰো।

Microsoft Outlook:
Outlook ৰ সহায়ত আমি Email পঠিয়াব আৰু গ্ৰহণ কৰিবও পাৰো।ইয়াক আন বহুতো কাম যেনে Calendar Appointment, Tasks, Contacts, Notes ইত্যাদি বনোৱা কামতও ব্যৱহাৰ কৰা হয়।

Microsoft Word, Excel, PowerPoint, Access আৰু Outlook ৰ বিষয়ে অতি সোনকালে এটা Article লিখি ইয়াত Post কৰিম।


সামৰণি:
ওপৰত উল্লেখ কৰা তথ্যখিনিত যদি কিবা ভূলভ্ৰান্তি থাকি গ’ল তেন্তে আপোনোলোকে মোক আঙুলিয়াই দিব। Microsoft Office ৰ বিষয়ে আপোনোলোকে যদি আৰু কিবা জানে তেন্তে অনুগ্ৰহ কৰি মোক Comment  কৰি জনাব।