Welcome to CZone Assam! Stay tuned for our latest updates, tech services, and announcements.

পৰীক্ষাৰ ভয় কেনেদৰে দূৰ কৰিব পাৰি?

সচৰাচৰ সকলো বয়সৰ শিক্ষাৰ্থীৰ মাজত পৰীক্ষাৰ ভয় দেখা যায়। এই ভয়ে তেওঁলোকক উদ্বেগ আৰু হতাশাৰ ফালে ঠেলি দিব পাৰে। শিক্ষাৰ্থীসকলৰ মাজত পৰীক্ষাৰ ভয় তেওঁলোকৰ শৈক্ষিক কৃতিত্বৰ বাবেও এক বাধা হ'ব পাৰে। পৰীক্ষাৰ ভয় দূৰ কৰাটো গুৰুত্বপূৰ্ণ কিয়নো ই শিক্ষাৰ্থীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ক্ষতি সাধন কৰিব পাৰে। যেতিয়া শিক্ষাৰ্থীসকলে অধ্যয়ন কৰি থাকে, পৰীক্ষাৰ আগমূহুৰ্তত তেওঁলোকৰ মনত কেইটামান প্ৰশ্ন উদয় হয়। যেনে তেওঁলোকে অন্তিম দিনটোত কেনেদৰে অধ্যয়ন কৰিব লাগে, তেওঁলোকে কি বিষয় সংশোধন (revision) কৰিব লাগে আৰু তেওঁলোকে কি সময়ত শুব লাগে। তেওঁলোকৰ মনত এনেধৰণৰ বহুতো কথা চলি থাকে। তেওঁলোকে কি কৰা উচিত?

এই প্ৰবন্ধটোত মই পৰীক্ষাৰ ভয় কেনেদৰে দূৰ কৰিব পৰি আৰু লগতে পৰীক্ষাৰ আগতে কেনেদৰে অধ্যয়ন কৰিব লাগে সেই বিষয়ে ১০টা পৰামৰ্শ আগবঢ়াব উলাইছোঁ।

(১) আতংকিত নহ’বঃ

পৰীক্ষাৰ আগতে আতংকিত হোৱাটো শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত অতি সচৰাচৰ হয়। যেতিয়া আপুনি অনুভৱ কৰে যে আপুনি আতংকিত হৈ আছে কেৱল অলপ সময়ৰ বাবে শিথিল (relax) হৈ থাকিব আৰু গভীৰভাৱে উশাহ লোৱাত মনোযোগ দিব। অলপ পানী খাব পাৰে আৰু তাৰ পিছত অধ্যয়নলৈ উভতি যাওক। মনত ৰাখিব, প্ৰতিটো সমস্যাৰ বাবে সদায়ে এটা সমাধান থাকেই। গতিকে সদায় ইতিবাচক হ'ব, নিজৰ আৰু আপোনাৰ জ্ঞানৰ বাবে কথাবোৰ শিকিব আৰু বুজিবলৈ চেষ্টা কৰিব।

(২) আত্মবিশ্বাসী হ'ব:

আত্মবিশ্বাসে সকলোবোৰ কথা জনাটোক নুবুজায়। এক নিৰ্দিষ্ট পৰিস্থিতিত যিয়েই নহওঁক, আপুনি তাক চম্ভালিবলৈ সক্ষম হ'ব পৰাটোহে হয় আত্মবিশ্বাস। যেতিয়া আপুনি বিষয়বোৰ ভালদৰে জানে, আপোনাৰ আত্মবিশ্বাসৰ স্তৰও উচ্চ হৈ পৰে। মনত ৰাখিব, আত্মবিশ্বাসী লোক: অসুৰক্ষিত হোৱাৰ সলনি সুৰক্ষিত অনুভৱ কৰে। সেয়েহে আপোনালোকে আত্মবিশ্বাসী হবলৈ চেষ্টা কৰা উচিত। নিয়মীয়াকৈ ভালদৰে অধ্যয়ন কৰি থাকিলে আমাৰ আত্মবিশ্বাস বাঢ়ে। লগতে দৈনিক ব্যায়াম কৰাটো আপোনাৰ আত্মবিশ্বাস বঢ়োৱাৰ এক উত্তম উপায় হ'ব পাৰে।

(৩) প্ৰতিটো বিষয়ৰ প্ৰতি সঠিক মনোযোগঃ

আমি প্ৰতিটো বিষয়ক সমান গুৰুত্ব দিয়া উচিত। কিছুমান শিক্ষাৰ্থীয়ে সদায় কেৱল তেওঁলোকৰ প্ৰিয় বিষয়বোৰৰ প্ৰতি মনোযোগ দিয়ে। আন বিষয়ত অৱহেলাৰ বাবে তেওঁলোকে সেই বিষয়বোৰত কম নম্বৰ লাভ কৰে। সেয়েহে ই তেওঁলোকৰ সামগ্ৰিক ফলাফলৰ ওপৰত প্ৰতিফলিত কৰে।

(৪) কেৱল আপোনাৰ পাঠ্যক্ৰম অনুসৰণ কৰিবঃ

আপুনি আপোনাৰ পাঠ্যক্ৰমত বহুতো অধ্যায় পায় কিন্তু আপুনি অন্তিম দিনটোত সকলো অধ্যায় অধ্যয়ন কৰাটো উচিত নহয়। পৰীক্ষাৰ আগ দিনটোত আমাৰ হাতত আটাইবোৰ অধ্যয় পঢ়াৰ সময় নাথাকে। যদি আপুনি সেইটো কৰিবলৈ পৰ্যাপ্ত সময় পায় তেন্তে আপুনি সকলো অধ্যায় সংশোধন কৰিব পাৰে। আপোনাৰ পৰীক্ষাৰ কেইদিনমান আগতে আপোনাৰ পাঠ্যক্ৰম সংশোধন (revision) কৰাটো সদায়েই ভাল।

(৫) পাঠ্যপুথি সংশোধন (Revise) কৰকঃ

বিদ্যালয়ৰ পাঠ্যপুথি, ৰেফাৰেন্স বুক, টোকা (notes), প্ৰশ্ন বেংক ইত্যাদি- এই সকলোখিনি অধ্যয়ন সামগ্ৰী এজন শিক্ষাৰ্থীৰ পৰীক্ষাৰ আগমূহুতলৈ লগত থাকে। পৰীক্ষাৰ আগতে তেওঁলোকে কোনটো ব্যৱহাৰ কৰা উচিত? শেষৰ দিনা তেওঁলোকে কেৱল তেওঁলোকৰ বিদ্যালয়ৰ পাঠ্যপুথি বাছনি কৰিব লাগে। এটা সময়ত তেওঁলোকে সকলো অধ্যয়ন সামগ্ৰী একেলগে ব্যৱহাৰ কৰিব নালাগে।বিদ্যালয়ৰ পাঠ্যপুথিথনকহে তেওঁলোকে বেছি গুৰুত্ব দিব লাগে।

(৬) গুৰুত্বপূৰ্ণ শাৰীবোৰ চিহ্নিত কৰকঃ

পৰীক্ষাৰ বাবে আপোনাৰ প্ৰস্তুতি কৰোঁতে, আপুনি পিছত পুনৰ সংশোধন কৰিব বিচৰা শাৰীবোৰ সদায়ে চিহ্নিত কৰিব আৰু লগতে আপোনাৰ কিতাপখনৰ প্ৰথম পৃষ্ঠাত বা টোকাবহীত পৃষ্ঠা নম্বৰবোৰ মনত ৰাখিবলৈ লিখি থ’ব। গতিকে আপোনাৰ অন্তিম সংশোধনত আপুনি দ্ৰুততাৰে পৃষ্ঠাবোৰ বিচাৰি পাব পাৰিব আৰু আপোনাৰ পুনৰীক্ষণ চুপাৰফাষ্ট কৰিব পাৰিব। ই পৰীক্ষাৰ আগদিনাখন আপোনাৰ মূল্যৱান সময় ৰাহি কৰিব।

(৭) কেৱল গুৰুত্বপূৰ্ণ বিষয়বোৰ সামৰি লওঁকঃ

কেৱল শেষত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰবোৰ পঢ়ক, শেষৰ দিনটোত গোটেই অধ্যায়টো নপঢ়িব। সংজ্ঞা শিকা, সূত্ৰবোৰ সংশোধন কৰা, আপুনি কিতাপখনত সংশোধনৰ বাবে চিহ্নিত কৰা শাৰীবোৰ চাওঁক। সূত্ৰ আৰু ৰাসায়নিক সমীকৰণ শিকাৰ সৰ্বশ্ৰেষ্ঠ উপায় হৈছে সেইবোৰ লিখি থোৱা, কিয়নো যেতিয়া আপুনি বস্তুবোৰ লিখিব আপুনি সেইবোৰ ভালদৰে মনত ৰাখিব পাৰে।

(৮) ভালকে শোৱাঃ

পৰীক্ষাৰ অন্তিম দিনটোৰ আগতে এজন শিক্ষাৰ্থীয়ে কি মান সময়ত শুব লাগে? তেওঁলোকে সোনকালে শুব লাগে নেকি আৰু আৰু পিছদিনা ৰাতিপুৱা সোনকালে সাৰ পাব লাগে নেকি? নিশ্চিতভাৱে সময়ত শুবলৈ চেষ্টা কৰিব লাগে। এজন শিক্ষাৰ্থীয়ে তেওঁলোকৰ পৰীক্ষা কোঠাত নিদ্ৰাৰ মগজুৰে লিখিবলৈ চেষ্টা কৰিব নালাগে। গতিকে মোৰ মতামত অনুসৰি নিশা ১০ বজাৰ ভিতৰত শুবলৈ চেষ্টা কৰক আৰু ৰাতিপুৱা সোনকালে উঠিবলৈ চেষ্টা কৰক যাতে আপুনি আপোনাৰ সংশোধন (revision) কৰিবলৈ পৰ্যাপ্ত সময় পায়।

(৯) স্বাস্থ্যকৰ খাদ্য খাবঃ

ভাল খাদ্যাভ্যাসৰ ফলত সদায় স্বাস্থ্য উন্নত হয়। অপ্ৰাকৃতিক টোপনি, ভাগৰ বা অসুস্থতা পৰিহাৰ কৰিবলৈ সদায়ে সতেজ আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব। শৰীৰটো সঠিকভাৱে হাইড্ৰেটেড ৰাখিবলৈ যথেষ্ট পৰিমাণে পানী খাব লাগে। 

(১০) বিৰতি লওক:

মানুহৰ মগজুৱে সৰ্বশ্ৰেষ্ঠ কাম কৰে যেতিয়া ইয়াক সময়ে সময়ে বিৰতি দিয়া হয়। বিৰতি অবিহনে দীঘলীয়া সময়ৰ বাবে অধ্যয়ন কৰিব নালাগে। বিৰতি অবিহনে নিৰন্তৰ 6 ৰ পৰা 7 ঘণ্টা বা তাতকৈ বেছি অধ্যয়ন কৰিলে আপোনাৰ শিকাৰ প্ৰক্ৰিয়া লেহেম হ'ব পাৰে আৰু আপুনি সকলো বোৰ মনত ৰাখিব নোৱাৰিব পাৰে। সাধাৰণতে, ২০-৩০ মিনিটৰ অধ্যয়ন আৰু তাৰ পিছত ৫ ৰপৰা ১০ মিনিটৰ বিৰতি হৈছে আটাইতকৈ কাৰ্যকৰী পদ্ধতি। বিৰতি ল'বলৈ আপুনি অলপ খোজ কাঢ়িবলৈ যাব পাৰে বা আপোনাৰ ভাল লগা গান এটা শুনিব পাৰে।


ওপৰোক্ত সকলো বোৰ পৰামৰ্শ সম্পূৰ্ণৰূপে মোৰ নিজৰ দৃষ্টিভংগী। অধ্যয়নৰ পদ্ধতি ব্যক্তি ভেদে পৃথক হ'ব পাৰে। যদি এজনো শিক্ষাৰ্থীয়ে মোৰ এই পদ্ধতি ব্যৱহাৰ কৰি লাভান্বিত হ’ব পাৰে তেন্তে মই সুখী হ'ম আৰু গৌৰৱান্বিত অনুভৱ কৰিম। অনুগ্ৰহ কৰি তলৰ মন্তব্য বাকচত (comment box) আপোনাৰ মতামতবোৰ আগবঢ়াব। শুভকামনাৰে….