Welcome to CZone Assam! Stay tuned for our latest updates, tech services, and announcements.

আগন্তুক পৰীক্ষাৰ বাবে কেনেকৈ প্ৰস্তুতি চলাবা ?

পৰীক্ষা ওচৰ চাপি আহিছে নেকি ?  পৰীক্ষাৰ প্ৰস্তুতি কেনেকৈ কৰিব লাগে বিভ্ৰান্তি হৈছে নেকি ?

এই পোষ্টটোত মই পৰীক্ষাৰ বাবে কেনেকৈ প্ৰস্তুতি চলাব লাগে আৰু কেনেকৈ অধ্যয়ন কৰিব লাগে তাৰ বাবে কিছু উপায় শ্বেয়াৰ কৰিছো। আশাকৰোঁ এইপোষ্টটো তোমালোকৰ বাবে উপকাৰীব।

১) পৰীক্ষাৰ সম্পূৰ্ণ পাঠ্যক্ৰম জানি লব লাগিব আৰু পাঠ্যক্ৰম অনুসাৰে অধ্যয়ন আৰম্ভ কৰিবা। পৰীক্ষাৰ আগমুহুৰ্তত পাঠ্যক্ৰমৰ বাহিৰে অতিৰিক্ত পঢ়া-শুনা নকৰিবা। প্ৰতিটো বিষয়ৰ পাঠ্যক্ৰম এখন বহীত লিখি লবা আৰু দৈনিক ভাবে পঢ়ি গৈ সেই পাঠ্যক্ৰমখিনি শেষ কৰিবা।

২) এখন সুপৰিকল্পিত সময়সূচী (Time Table) বনাই লবা। নিজৰ সময়সূচী নিজেই বনাবা আৰু সেই সময়সূচী অনুসৰি সঠিকভাৱে অনুসৰণ আৰু অধ্যয়ন কৰা আৰম্ভ কৰিবা।

৩) আমি প্ৰতিটো পাঠ অধ্যয়ন কৰিব লাগে কিন্তু আমি জানিব লাগে যে কোনটো পাঠক বেছি প্ৰাধান্য দিয়া উচিত। যিটো পাঠৰ পৰা সৰ্বাধিক নম্বৰ আহিব আমি সেই পাঠটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগে।

৪) পাঠত পোৱা গুৰুত্বপূৰ্ণ কথাবোৰ আমি পেঞ্চিলেৰে দাগ দি লব পাৰো বা হাইলাইট কলমৰ সহায়ত হাইলাইট কৰি লব পাৰো। তেনে কৰিলে সেই গুৰুত্বপূৰ্ণ কথাবোৰ পৰীক্ষাৰ আগত চকুত পৰিব আৰু অধ্যয়ন কৰাত সুবিধা হব।

৫) আগৰ বছৰৰ প্ৰশ্নকাকত সমাধান আৰু অনুশীলন কৰা উচিত। কিন্তু এই কামটো পৰীক্ষাৰ আগমুহুৰ্তত কৰিব নালাগে। পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰায় এমাহমান থকোটেই এই কামটো কৰি লব লাগে। প্ৰশ্নকাকত সমাধান কৰাৰ পিছত নিজৰ উত্তৰখিনি নিজেই পৰীক্ষা কৰিবলৈ চেষ্টা কৰিবা যাতে তুমি কত ভুল কৰিছা সেইটো সঠিকভাৱে জানিব পাৰা। কিবা অসুবিধা পালে কোনো জনা ব্যক্তি বা নিজৰ বিদ্যালয়ৰ শিক্ষাগুৰুৰ সহায় লব পাৰা।

৬) এটা অতি গুৰুত্বপূৰ্ণ কথা হল ৰাতিপুৱা সোনকালে পঢ়াটো। ৰাতিপুৱাৰ অধ্যয়নে পঢ়াত ভালদৰে মনোনিৱেশ কৰাত সহায় কৰে। সাধাৰণতে ৰাতিপুৱাৰ সময়ত আমাৰ মগজু সতেজ হৈ থাকে আৰু এই সময়ত অধ্যয়ন কৰিলে পঢ়াত মন বহে তথা বিষয়বোৰ মনত ৰৈ যায়।

৭) ছাত্ৰ-ছাত্ৰীৰ বাবে লিখাৰ দক্ষতা থকাটো অতি গুৰুত্বপূৰ্ণ। তোমালোকে সদায় এই দক্ষতা বৃদ্ধি কৰাৰ বাবে যত্ন লবা। আখৰ ভালকৈ লিখাটো প্ৰয়োজন কিন্তু তাতকৈ প্ৰয়োজনীয় কথাটো হল তোমালোকৰ লিখাৰ গতি কিমান। পৰীক্ষাৰ উত্তৰ বহী লিখিবলৈ মাত্ৰ তিনি ঘণ্টা সময় দিয়া হয় । সেই সময়ৰ ভিতৰত প্ৰশ্নকাকতৰ উত্তৰ লিখি জমা দিব লাগে। গতিকে লিখাৰ দক্ষতা বৃদ্ধি কৰা আৰু কোনো ভুল নোহোৱাকৈ লিখাৰ গতি বৃদ্ধি কৰাৰ অনুশীলন কৰিবা।

৮) তোমাৰ পঢ়া টেবুলখন সদায় পৰিষ্কাৰ কৰি ৰাখিবা। পৰিষ্কাৰকৈ থকিলে সেই ঠাইত বহী ভাল লাগিব তথা পঢ়াত মনও বহে। অধ্যয়নৰ টেবুলত সকলো কিতাপ ৰাখিবা যাতে যিখন কিতাপ বিচাৰা সেইখন তোমাৰ হাতৰ ওচৰতে পোৱা যায়। কিতাপবোৰ লগেত তোমাৰ পঢ়া টেবুলত লিখা-পঢ়াৰ সজুলি যেনে- পেঞ্চিল, ইৰেজাৰ, কলম, স্কেল ইত্যাদিবোৰ সম্পূৰ্ণৰূপে সজাই ৰাখিবা।

৯) তোমাৰ অধ্যয়নৰ সময়ছোৱা ১ ঘণ্টাকৈ ভাগ কৰি লবা। প্ৰতি ১ ঘণ্টাৰ মূৰে মূৰে ১০ বা ১৫ মিনিটৰ বিৰতি লবা। পঢ়া-শুনাৰ পৰা বিৰতি লওঁতে পৰীক্ষাৰ লগত জড়িত যিকোনো চিন্তা আৰু মানসিক চাপৰ পৰা মনটো মুক্ত কৰি ৰাখিবা। এই বিৰতি সময়খিনিত তুমি তোমাৰ ভাল লগা সংগীত শুনিব পাৰা। মধুৰ সংগীতে আচলতে আমাৰ মন শান্ত কৰে আৰু আমাৰ মগজুৰ পৰা চাপবোৰ আতৰ কৰে।

১০) ৰাতি ভালকৈ টোপনি যাব লাগে। গৱেষণাৰ পৰা দেখা গৈছে যে টোপনিৰ সময়ত বিশেষকৈ ৰেপিড আই মুভমেণ্ট (REM) পৰ্যায়ত স্মৃতিশক্তি আৰু শিক্ষণ একত্ৰিত হয়। পৰীক্ষাত তুমি ভাল প্ৰদৰ্শন কৰাটো নিশ্চিত কৰিবলৈ ৰাতি ৭ৰ পৰা ৮ ঘণ্টা টোপনিৰ প্ৰয়োজন। ইংৰাজীত এটা প্ৰবচন আছে যে “Early to bed and early to rise makes a man healthy, wealthy, and wise”পৰ্যাপ্ত পৰিমানৰ টোপনি আৰু দিনটো সোনকালে আৰম্ভ কৰিলে সফল জীৱন গঢ় লৈ উঠিব পাৰি।


ওপৰোক্ত সকলো বোৰ পৰামৰ্শ সম্পূৰ্ণৰূপে মোৰ নিজৰ দৃষ্টিভংগীৰে লিখা হৈছে। অধ্যয়নৰ পদ্ধতি ব্যক্তি ভেদে পৃথক হ'ব পাৰে। সেয়েহে পাঠকবোৰে যাতে মই উল্লেখ কৰা যিকোনা পইণ্টৰ ওপৰত কিবা কব লগা থাকিলে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি মোক আঙুনিয়াই দিয়ে যেন। যদি মোৰ এই পোষ্টটো পঢ়ি ভাল লাগিল তেন্তে কমেণ্ট কৰি জনাবা আৰু প্ৰয়োজনীয় ব্যক্তিলৈ শ্বেয়াৰ কৰি দিবা।

অৱশেষত মই কব বিচাৰো যে তোমালোকে সদায় সুখী হৈ থাকিবা আৰু মনোনিৱেশ কৰি থাকিবা। যদি তুমি সুখী তেন্তে তোমাৰ একাগ্ৰতা শক্তি বৃদ্ধি পায়। মনৰ পৰা ঋণাত্মক ধাৰণাবোৰ আতৰ কৰি ৰাখিবা আৰু ধণাত্মক ধাৰণাবোৰ গ্ৰহণ কৰিবা। তোমালোক আটাইৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।