ই |
লেক্ট্ৰনিক মাধ্যমেৰে
ইমেইল প্ৰেৰণ কৰিব পৰা বহুকেইটা ব্যৱস্থাৰ ভিতৰত Gmail ও এটা। Gmail ৰ সম্পূৰ্ণ নামটো হৈছে Google Mail । ই এটা ইলেক্ট্ৰনিক মাধ্যম যাৰ সহায়ত আমি ইঠাইৰ পৰা আন
ঠাইলৈ বাৰ্তা আদান প্ৰদান কৰিব পাৰো। আজিকালিৰ এই ডিজিটেল যুগত Gmail ৰ ব্যৱহাৰ সকলো ঠাইতে প্ৰসাৰিত হৈ
আছে। Gmail ক
সাজি উলিয়াইছিল Paul Buchheit নামৰ
আমেৰিকাৰ এজন চফ্টৱেৰ ইঞ্জিনিয়াৰে। এওঁ Google কোম্পানীৰ এজন কৰ্মচাৰী আছিল।
Gmail Account এটা
বিনামূলীয়া ইমেইল সেৱা। আমি কেৱল Gmail ৰ ৱেবছাইটত গৈ নিজৰ নামত এটা একাউণ্ট বনাই লব লাগিব।
তাৰ পিছত Gmail ত
থকা সুবিধা সমূহ আমি ব্যৱহাৰ কৰিব পৰা হৈ যাওঁ। Gmail ত একাউণ্ট এটা বনোৱা একেবাৰে সহজ।
কেৱল আপোনাৰ কম্পিউটাৰত ইন্টাৰনেট সংযোগ আৰু এটা মোবাইল নম্বৰ থাকিলেই হ’ল। তলত ইয়াৰ সম্পূৰ্ণ প্ৰক্ৰিয়া
বাখ্যা কৰা হ’ল ।
(ক) প্ৰথমে কম্পিউটাৰত
থকা যিকোনো এটা ব্ৰাউজাৰ (যেনে- Google Chrome, Mozilla Firefox ইত্যাদি) খুলি ল’ব লাগিব।
(খ) তাৰ পিছত Address Bar ত www.gamil.com টাইপ কৰিব লাগিব আৰু কীবৰ্ডৰ পৰা Enter প্ৰেছ কৰিব লাগিব অথবা Go Button ত ক্লিক কৰিব লাগিব।
(গ) তাৰ পিছত Create Account ত
ক্লিক কৰিব লাগিব।
(ঘ) তলত দেখুৱা ধৰণৰ দুটা বিকল্প (Option) দেখা দিব। ইয়াৰ পৰা যিকোনো এটা বাচনি কৰিব লাগিব।
যদি আপুনি নিজৰ
ব্যক্তিগত একাউণ্ট খুলিব বিচাৰে তেন্তে “For myself” বিকল্পটো বাচনি কৰিব আৰু যদি নিজৰ
ব্যৱসায়ৰ বাবে একাউণ্ট খুলিব বিচাৰে তেন্তে “To manage my business” বিকল্পটো
বাচনি কৰিব।
(ঙ) এখন তলত দেখুৱা ধৰণৰ Sign-up ফৰ্ম দৃশ্যমান হ’ব। এই ফৰ্মখন সঠিকভাৱে পূৰণ কৰিব লাগিব আৰু তাৰ পিছত Next ত ক্লিক কৰবিব লাগিব।
(চ)তলত দেখুৱা ধৰণৰ এখন
ফৰ্ম দৃশ্যমান হ’ব আৰু ইয়াত বিচৰা তথ্যবোৰ পূৰণ
কৰিব লাগিব। তাৰ পিছত Next ত ক্লিক কৰিব লাগিব।
(ছ)ওপৰত দিয়া ফোন নম্বৰটো Verify কৰিবলৈ Send ত ক্লিক কৰিব লাগিব।
(জ)Google ৰ পৰা আপোনাৰ মোবাইলত এটা Verification Code পঠিওৱা
হ’ব। সেই Code টো আপুনি বক্সটোৰ ভিতৰত টাইপ কৰি Verify ত ক্লিক কৰিব লাগিব।
(ঝ) ইয়াৰ পিছত আৰু এখন
ফৰ্ম দৃশ্যমান হ’ব। ইয়াত দুটা বিকল্প দেখিব। ইয়াৰে Skip বিকল্পটোত ক্লিক কৰিব।
(ঞ)Google ৰ “Privacy and Term” নামৰ এখন ফৰ্ম দৃশ্যমান হ’ব। এইখিনি পঢ়ি চাব
পাৰে। তাৰ পিছত I agree ত ক্লিক কৰিব।
আপোনাৰ Gmail একাউণ্ট সাজোঁ হয় যাব আৰু
তলত দেখুৱা পেজটো দৃশ্যমান হ’ব।
আজিৰ লিখনিটো ইমানতে সামৰিছোঁ।
--- অধিক জানিবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক ---
ধন্যবাদ,
Article Written By: TAPAN RAJBONGSHI (Author/Creator: CZone Assam)