Function Key ৰ A to Z সকলোখিনি ব্যৱহাৰ জানি লওঁক

কম্পিউটাৰ কীবোৰ্ড হৈছে টাইপৰাইটাৰ কীবৰ্ডৰ পিছত আৰ্হি কৰা এক পেৰিফেৰেল ইনপুট ডিভাইচ যিয়ে যান্ত্ৰিক লিভাৰ বা ইলেক্ট্ৰনিক চুইচ হিচাপে কাম কৰিবলৈ বুটাম বা কীৰ ব্যৱস্থা ব্যৱহাৰ কৰে। আগতীয়া পাঞ্চ কৰা কাৰ্ড আৰু কাগজটেপ প্ৰযুক্তি সলনি কৰি, টেলিপ্ৰিণ্টাৰ-ষ্টাইল কীবৰ্ডৰ জৰিয়তে আন্তঃক্ৰিয়া হৈছে 1970-ৰ দশকৰ পৰা কম্পিউটাৰবোৰৰ বাবে মুখ্য ইনপুট পদ্ধতি, 1980-ৰ দশকৰ পৰা কম্পিউটাৰ মাউচৰ দ্বাৰা পৰিপূৰক।

সকলোবোৰ কম্পিউটাৰ কীবৰ্ডতে আমি Function Key দেখা পাঁও। Keyboard খনৰ একেবাৰে ওপৰৰ অংশত এই Key সমূহ উপস্থাপন কৰা আছে। ইয়াত F1 ৰ পৰা F12 লৈ সৰ্বমুঠ ১২টা key  আছে।  এই key সমূহৰ প্ৰতিটোৰে বেলেগ বেলেগ ব্যৱহাৰ আছে। আজি আমি সেই Key সমূহৰ সম্পূৰ্ণ ব্যৱহাৰ শিকিম।


F1 Key: 

(ক) প্ৰায় সকলোবোৰ কম্পিউটাৰ প্ৰগ্ৰেমতে Help  আৰু Support  উইণ্ডো খুলিবলৈ F1 key ব্যৱহাৰ কৰা হয়।

(খ) কীৰ্বডত থকা Windows Key  ৰ লগত F1 key  টিপিলে উইণ্ডজৰ Help আৰু Support উইণ্ডো  খোল খায়। 

(গ) BIOS Setup ত প্ৰৱেশ কৰিবলৈও F1 key  ব্যৱহাৰ কৰা হয়।

F2 Key: 

(ক) কম্পিউটাৰত থকা File, Folder আৰু Icon  বোৰক নতুনকৈ নাম (Rename) দিবলৈ F2 key ব্যৱহাৰ কৰা হয়।  

(খ) MS Office  ত থকা বিভিন্ন প্ৰগ্ৰেম যেনে Word, Excel, PowerPoint  ত Print Preview  চাবলৈ Ctrl+F2 key ব্যৱহাৰ কৰা হয়। 

(গ) Alt+F2 key  ব্যৱহাৰ কৰি আমি Microsoft Excel Save As উইণ্ডখন উলিৱাব পাৰো। 

(ঘ) Shift+F2 key  ব্যৱহাৰ কৰি আমি Microsoft Excel ৰ যিকোনো Cell Comment Box সংযোগ কৰিব পাৰো।

F3 Key: 

(ক) F3 key ব্যৱহাৰ কৰি আমি এটা কম্পিউটাৰৰ File আৰু Folder বোৰ বিচাৰি উলিয়াব পাৰো। 

(খ) প্ৰায়বোৰ ইণ্টাৰনেট ব্ৰাউজাৰ যেনে Google Chrome আদিত Find Bar উলিৱাবলৈ F3 key ব্যৱহাৰ কৰিব পাৰি। 

(গ) MS DOS  ত টাইপ কৰা ঠিক আগৰ Command টো পুনৰবাৰ ব্যৱহাৰ কৰিবলৈ F3 key ব্যৱহাৰ কৰা হয়। 

(ঘ)Microsoft Word  ৰ লিখনিবোৰ Upper Case, Lower Case আৰু Sentence Case  বনাবলৈ Shift+F3 key ব্যৱহাৰ কৰা হয়।

F4 Key: 

(ক) বিভিন্ন ধৰণৰ প্ৰগ্ৰেম যেনে Word, Excel আদিত আগৰ Step ত কৰা কাৰ্যটো Repeat কৰিবলৈ F4 key ব্যৱহাৰ কৰা হয়। 

(খ) Alt+F4 key  প্ৰয়োগ কৰি কম্পিউটাৰত খোলা থকা যিকোনো প্ৰগ্ৰেম আমি বন্ধ কৰিব পাৰো। 

(গ)কম্পিউটাৰ এটা Shut Down অৰ্থা বন্ধ কৰিবলৈও Alt+F4 key প্ৰয়োগ কৰিব পাৰি। 

(ঘ)Windows Explorer/My Computer/This PC Address Bar ত যাবলৈ F4 key ব্যৱহাৰ কৰা হয়।

F5 Key

(ক) সাধাৰণতে কম্পিউটাৰ এটা Refresh কৰিবলৈ F5 key ব্যৱহাৰ কৰা হয়। 

(খ) F5 key ব্যৱহাৰ কৰি MS PowerPoint Slide Show চলাব পাৰো। 

(গ) MS Word Find and Replace উইণ্ডো আৰু MS Excel Goto উইণ্ডো উলিৱাবলৈ F5 key ব্যৱহাৰ কৰা হয়। 

(ঘ) ৱেব পেজ এটা Reload কৰিবলৈ F5 key ব্যৱহাৰ কৰা হয়।

F6 Key: 

(ক) এটা প্ৰগ্ৰেমৰ বিভিন্ন অংশলৈ যাবলৈ F6 key ব্যৱহাৰ কৰা হয়। 

(খ) আজিকালিৰ প্ৰায়বোৰ ইণ্টাৰনেট ব্ৰাউজাৰৰ Address Bar ত যাবলৈ F5 key ব্যৱহাৰ কৰা হয়।

F7 Key:  

(ক)MS Office  ত থকা বিভিন্ন প্ৰগ্ৰেম যেনে Word, Excel, PowerPoint  আদিত Spelling and Grammar dialog box খুলিবলৈ F7 key ব্যৱহাৰ কৰা হয়।  

(খ) এবোৰ প্ৰগ্ৰেমত Research Window  খুলিবলৈ Shift+F7 key ব্যৱহাৰ কৰা হয়।

F8 Key: 

কম্পিউটাৰ এটা Boot  অৰ্থা Start হৈ থকা অৱস্থাত F8 key টিপি ধৰিলে কম্পিউটাৰটো Safe Mode ত খোল খায়।

F9 Key: 

C language ৰ দৰে Programming Language বোৰত Program এটা Compile আৰু Execute  কৰিবলৈ F9 key ব্যৱহাৰ কৰা হয়। Compile কৰিবলৈ Alt+F9  আৰু Execute কৰিবলৈ Ctrl+F9 key ব্যৱহাৰ কৰা হয়।

F10 Key: 

(ক) মোনু উইণ্ডো অৰ্থা Right Click কৰিলে যিখন উইণ্ডো খোল খাই সেই উইণ্ডোখন উলিৱাবলৈ Shift+F10 key ব্যৱহাৰ কৰা হয়। 

(খ) BIOS  setting  বোৰ save কৰিবলৈ F10 key ব্যৱহাৰ কৰা হয়।

F11 Key: 

(ক) Microsoft Excel ত নতুনকৈ Sheet  লবলৈ Shihft+F11 key ব্যৱহাৰ কৰা হয়। 

(খ)প্ৰায়বোৰ আধুনিক ইণ্টাৰনেট ব্ৰাউজাৰৰ Full Mode On  আৰু Off F11 key ব্যৱহাৰ কৰা হয়।

F12 Key: 

(ক) MS Office ত থকা সকলোবোৰ প্ৰগ্ৰেম যেনে Word, Excel, PowerPoint  আদিত Save As  উইণ্ডোখন খুলিবলৈ F12 key ব্যৱহাৰ কৰা হয়। 

(খ) Shift+Ctrl+F12 key ব্যৱহাৰ কৰি MS Office  ৰ এইবোৰ প্ৰগ্ৰেমত Print উইণ্ডোখন উলিৱাব পাৰি। 

(গ)এইবোৰ প্ৰগ্ৰেমতে Ctrl+F12 key ব্যৱহাৰ কৰি Open উইণ্ডোখন উলিৱাব পাৰি।

ওপৰত উল্লেখ কৰা তথ্যখিনিত যদি কিবা ভূলভ্ৰান্তি থাকি গল তেন্তে আপোনোলোকে মোক আঙুলিয়াই দিব। Function Key  বোৰৰ আৰু যদি কিবা ব্যৱহাৰ আপোনোলোকে জানে তেন্তে মোক Comment  কৰি জনাব।

--- অধিক জানিবলৈ ইয়াত ক্লিক কৰক ---

1 comment: