Microsoft Office: You Should Know


Microsoft Office ৰ বিষয়ে:

আজিকালিৰ দিনত যেতিয়াই আমি কাৰ্য্যালয়ৰ স্বচালনৰ (Office Automation) কথা ভাবো তেতিয়াই আমাৰ মনলৈ Microsoft Office  আহে। আগতে কাৰ্য্যালয় সমূহত সকলো কামেই হাতে লিখা আছিল অৰ্থাৎ কামবোৰ মেনুৱেল আছিল কিন্তু এতিয়া কাৰ্য্যালয় এটাৰ অধিকাংশ কামেই কম্পিউটাৰৰ মাধ্যমেৰে স্বচালন কৰা হয়। Word, Excel আৰু PowerPoint  অবিহনে কাৰ্য্যালয় এটা অসম্পূৰ্ণ হয় থাকে। স্কুলীয়া আৰু কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক কাৰ্য্যসূচীতও Microsoft Office সন্নিবিষ্ট হৈ থাকে। বজাৰত অনান্য Word Processor উপলব্ধ আছে যদিও বাকীবোৰৰ তুলনাত ইয়াক পৰিচালনা কৰা বহুত সহজ। যদিও এতিয়া লাহে লাহে Cloud Bases Application বোৰৰ ব্যৱহাৰ হব ধৰিছে তথাপিও আমি Microsoft Office ৰ ওপৰত নিৰ্ভৰশীল হৈ আছো।

মাইক্ৰছফ্ট অফিচ হৈছে ডেস্কটপ উৎপাদনশীলতা এপ্লিকেচনৰ এটা চুইট যাক বিশেষভাৱে হ'বলৈ ডিজাইন কৰা হৈছে কাৰ্যালয় বা ব্যৱসায়িক ব্যৱহাৰৰ বাবে ব্যৱহাৰ কৰা হয়। ই মাইক্ৰছফ্ট কৰ্পোৰেচনৰ এটা স্বত্বাধিকাৰী সামগ্ৰী আৰু প্ৰথম আছিল ১৯৯০ চনত মুক্তি লাভ কৰে। মাইক্ৰছফ্ট অফিচ 35 টা বিভিন্ন ভাষাত উপলব্ধ আৰু ইয়াৰ দ্বাৰা সমৰ্থিত উইণ্ডোচমেক আৰু বেছিভাগ লিনাক্স ভেৰিয়েণ্ট। ইয়াত মুখ্যতঃ ৱৰ্ডএক্সেলপাৱাৰপইণ্টপ্ৰৱেশাধিকাৰ থাকেৱাননোটআউটলুক আৰু প্ৰকাশক এপ্লিকেচন।


ইয়াত আমি আজি Microsoft Office ৰ বিষয়ে কিছু কথা জানিম।

Microsoft Office ল কিছুমান Software Application ৰ থুপ। ইয়াক সাজি উলিয়াইছে Microsoft Corporation য়ে। ইয়াৰ প্ৰথমটো সংস্কৰণ উলিওৱা হৈছিল 1990 চনত। বৰ্তমান 102 টা ভাষাত উপলব্ধ আছে। Microsoft Office  C++ প্ৰগ্ৰেমিং language ব্যৱহাৰ কৰি সজা হয়। এই Software ৰ থুপটোত বহুতো লাগতীয়াল Application পোৱা যায়। যেনে- Microsoft Word, Microsoft Excel, Microsoft PowerPoint, Microsoft Access, Microsoft Outlook ইত্যাদি। Windows, MAC আৰু Linux এই সকলোবোৰ অপাৰেটিং ছিচটেমতে Microsoft Office চলাব পাৰি।

 




Microsoft Word:

ই এটা Word Processor চফ্টৱেৰ। ইয়াক Text Editing ৰ কামত ব্যৱহাৰ কৰা হয়। ইয়াৰ সহায়ত সচাৰচৰ letters, brochures, posters, question paper ইত্যাদি তৈয়াৰ কৰা কামত ব্যৱহাৰ কৰা হয়।

Microsoft Excel:
Microsoft Excel সহায়ত আমি তথ্য বিশ্লেষণ (analysis) প্ৰলেখন (documentation) কাম কৰো। ই এটা Spreadsheet প্ৰগ্ৰেম।ইয়াক খৰচপাতিৰ হিচাপ কৰা, বাজেট বনোৱা, চাৰ্ট আৰু গ্ৰাফ বনোৱা ইত্যাদি কামত ব্যৱহাৰ কৰা হয়।

Microsoft PowerPoint:
ই এটা কম্পিউটাৰ প্ৰগ্ৰেম যাৰ সহায়ত আমি খুব ধুনীয়া আৰু প্ৰফেচনেল Slide Show বনাব পাৰো। ইয়াত আমি Text, Graphics আৰু Multi-Media এই সকলোবোৰ সংযোগ কৰি Dynamic  প্ৰেজেণ্টেছন বনাব পাৰো।

Microsoft Access:
ই এটা DBMS (Database Management System) চফ্টৱেৰ। ইয়াত আমি তথ্যবোৰ সংৰক্ষণ কৰি ৰাখিব পাৰো আৰু প্ৰয়োজন অনুসৰি সেই তথ্যবোৰ বিশ্লেষণ কৰিব পাৰো।

Microsoft Outlook:
Outlook ৰ সহায়ত আমি Email পঠিয়াব আৰু গ্ৰহণ কৰিবও পাৰো।ইয়াক আন বহুতো কাম যেনে Calendar Appointment, Tasks, Contacts, Notes ইত্যাদি বনোৱা কামতও ব্যৱহাৰ কৰা হয়।

Microsoft Word, Excel, PowerPoint, Access আৰু Outlook ৰ বিষয়ে অতি সোনকালে এটা Article লিখি ইয়াত Post কৰিম।


সামৰণি:
ওপৰত উল্লেখ কৰা তথ্যখিনিত যদি কিবা ভূলভ্ৰান্তি থাকি গল তেন্তে আপোনোলোকে মোক আঙুলিয়াই দিব। Microsoft Office ৰ বিষয়ে আপোনোলোকে যদি আৰু কিবা জানে তেন্তে অনুগ্ৰহ কৰি মোক Comment  কৰি জনাব।



1 comment: